আই আৰু মোৰ আড্ডা
আই আৰু মই আড্ডাবাজ মানুহ । আবেলি আবেলি বাৰাণ্ডাত বহি আড্ডা দিয়া আমাৰ বহুদিনীয়া অভ্যাস। .........
আই আৰু মই আড্ডাবাজ মানুহ ।
আবেলি আবেলি বাৰাণ্ডাত বহি আড্ডা দিয়া আমাৰ বহুদিনীয়া অভ্যাস।
আমাৰ কথাৰ মেলত,
কেৱল আমি থাকো ।
একাপ একাপ সৰ উঠা গাখীৰৰ চাহ
আৰু আমাৰ কথা ।
কেৱল থুনপাক উঠে আমাৰ কথাৰে ।
আইৰ মনত এথুপ কথা
আৰু মোৰ মনৰ এথুপ কথা ।
ভলভলাই কথাবোৰ ওলাই আহে,
কথা নো কি !
বেলেগক কলে বুজি নোপোৱা কথাবোৰ
আমি আমালৈ থওঁ ।
ভাৰস্তৰৰ কথা ।
কেতিয়াবা যদি
মতা সোপাই নোখোজাকৈ দিয়া অনিয়ম সোপাৰ
কথা,
অন্য দিনা নিজলৈ বুলি সজাই তোলা সময়বোৰৰ কথা ।
আয়ে কথাবোৰ বৰ সহজ কৈ বুজে,
সহজ কৈ কয়।
আইৰ কথা হ'ল,
নিজে নিজৰ মতে থাকিব লাগে,
মাত্ৰ অন্যৰ ৰাস্তা নমছিলেই হ'ল ।
সিদিনা কথাৰ মাজতে ওলাল,
নিজৰেই কথা ।
আয়ে কলে,
ভৰিৰ মাজৰ দুই ইঞ্চি মাংসই মতাসোপাক
কিহৰ ইমান অহংকাৰ দিয়ে,
কৰ পৰা আহে ইমান আক্ৰোস
যে চব কেৱল নিজৰ কৰিব বিচাৰে,
অন্যক শেষ কৰি দিব খোজাকৈ
মদমত্ত হৈ উঠে ।
কৰ পৰা আহে ?
কথাৰ মাজতে কথা ওলাইছিল,
শৰীৰ আৰু মনৰ কথা ।
আমি পাতিছিলো
ৰূপান্তৰৰ কামনা কি ।
মনৰ জোখাৰে নিজে হবলৈ পোৱাৰ সুখ কি ?
সিদিনা আমাৰ আড্ডাত এটাই সিদ্ধান্ত হৈছিল,
ভৰিৰ মাজত থকা একোৱে
আমাৰ পৰিচয় নিদিয়ে ।
নিজে নিজকে কেনেকৈ চাইছো,
সেইয়া হে আচল কথা ।
চাহৰ কাপ দুটা উঠাই লৈ যাওঁতে
আমাৰ এটাই সিদ্ধান্ত হৈছিল,
ভৰিৰ মাজত যিয়েই নাথাকক,
আমি আমাৰ হৈ থাকিম ।
কেৱল নিজৰ ।