ছোঁ হোৱাই ভাল
কেতিয়াবা ভাবো ছোঁ হোৱাই ভাল, কোনেও নোসোধে এইটো আকৌ তই কি পিন্ধিলি ! .......
কেতিয়াবা ভাবো
ছোঁ হোৱাই ভাল,
কোনেও নোসোধে এইটো আকৌ তই কি পিন্ধিলি !
ছোঁ হোৱাই ভাল,
কোনেও নাভাবে কাপোৰৰ তলত কি আছে !
ছোঁ হোৱাই ভাল,
বেকা চাৱনীটোয়ে মোক নাঙঠ কৰি নেপেলায় ।
এৰা, ছোঁ হোৱাই ভাল,
মতা নে মাইকী মোক কোনেও নোসোধে ।
এটা ছোঁ দেখিলোঁ,
কলা চোলা এটা আৰু মেখেলা এখন পিন্ধি থমথমকৈ বহি আছিল ।
অথচ কোনেও নুসুধিলে
ঔ আই , এইসোপা আকৌ কি পিন্ধিছ ?
অন্য এটা ছোঁক কোনোবাই
ফুটোকলা গুটিৰে ওঁঠ কেইটা কাজিলা লগাই দিলে,
অথচ কোনেও নুসুধিলে
এই সোপা কি ঘঁহিছ ।
মৰমতে এটা ছোঁক কোনোবাই আকৌ
মৰাপাট একোছা মূৰত লগাই দিলে,
কোনেও নাভাবিলে ছোঁৰ আকৌ চুলি দীঘল কেতিয়া হ'ল ।
অন্য এটা ছোঁক কোনোবাই
এঙাৰ এডালেৰে চকু আঁকি দিলে,
কাৰোৰে কিন্তু চকু কপালত নুঠিল ।
সিদিনা দেখিলোঁ,
কোনোবাই আটোমটোকাৰিকৈ ছোঁ এটা সজাইছে
মাকৰ পুৰণা ব্লাউজ এটা আনিলে,
গাতে ওলমালে ।
দেখিলেই গম পায় ব্লাউজটো এদিন টিকটিকীয়া ৰঙা আছিল ,
ককাকৰ পুৰণা মাৰ্কিন ধুতিৰ টুকুৰা এটাও কঁকালত বান্ধি দিলে ।
মৰাপাটৰ চুলি কোচা আছিলেই ।
আৰু কি কৰোঁ, কি কৰোঁ বুলি তেওঁ,
এঙাৰ এটুকুৰা আনি,
চকুৰ ওপৰত আঁচ দুডাল টানি দিলে ।
ফুটকলাৰ কাজীলা আছিলেই,
ছোঁটো সম্পূৰ্ণ হ'ল ।
ছোঁটো আজিকালি ছাদ এখনৰ ওপৰত ওলমি থাকে ।
অথচ কোনেও নোসোধে
ছোঁটোৰ কাপোৰৰ তলত কি আছে,
চাৱনিবোৰ বেঁকাকৈও নাযায় ।
হাঁহি এটা মাৰি বাটৰুৱাই মাথো কয়,
কেনে ধুনীয়া ছোঁ ।
কেতিয়াবা ছোঁ হৈ ৰাস্তাৰ কাষত ৰৈ থাকিব মন যায়,
তেতিয়া কোনেও নুসুধিব
এইয়া তই কি পিন্ধিছ ।
কোনেও নাভাবিব
কাপোৰৰ তলত কি আছে ।
আৰু চকুবোৰে ?
মোক নাঙঠ কৰিও নাচাব ।
কেতিয়াবা ভাবো,
ছোঁ হোৱাই ভাল ।
(Representative Image is Created with the Help of AI)
Here's a translation of the same poem. It was published in a feminist anthology by Zubaan.
Better Being a Scarecrow
RITUPARNA NEOG
Translated by Banamallika
Sometimes, I think
It's better to be a scarecrow.
No one asks—now what have you worn?
Better to be a scarecrow,
Nobody cares what lies beneath the clothes!
Better to be a scarecrow.
No sideways glares that strip me naked.
Yes, better to be a scarecrow,
No one will ask me—male or female?
The other day, I saw a scarecrow
It sat unperturbed
Wearing a black shirt and a mekhela
But no one asked,
Oh dear, what on earth have you worn?
On another scarecrow,
RITUPARNA NEOG
Someone turned its lips black
With the ink from the Phutkola seed
But no one asked,
Now what have you smeared on yourself?
On another scarecrow,
Loving hands placed a bunch of jute on its head
No one thought, when did this scarecrow grow hair?
On another scarecrow
With a piece of charcoal, someone drew its eyes
But no one raised an eyebrow at that!
The other day I saw
Some people putting together a scarecrow with care
They got
An old blouse of their mother's
And hung it on its body
You could tell that the blouse was once a bright red.
They tied a piece of
the grandfather's old markin-dhoti to its waist too.
The jute hair was already there
Then they wondered what more, what else, they could add
So, someone fetched a piece of charcoal
and drew two lines above its eyes
The kohl from the Phutkola was already there
The scarecrow was complete.
These days, the scarecrow hangs on a terrace.
But no one asks,
What is beneath the scarecrow's clothes?
Nor do they twist their glance sideways.
4
BETTER BEING A SCARECROW
Smiling passersby merely remark:
Ah what a beautiful scarecrow!
Sometimes I wish to be a scarecrow
and stand by the roadside
Then no one will ask,
What have you worn?
No one will wonder,
What lies beneath these clothes?
And their eyes?
Maybe they will not strip me naked
Sometimes I think
It's better to be a scarecrow.