চিলনীৰ জীয়েকৰ সাধু
চিলনীৰ জীয়েকে চুলি মেলি ৰ'দ পুৱাই । ৰ'দ পুৱাওঁতে সদাগৰৰ কথা ভাবিব কিয়, নিজৰ কথাও আছে ভাবিবলে । ........
চিলনীৰ জীয়েকে চুলি মেলি ৰ'দ পুৱাই ।
ৰ'দ পুৱাওঁতে সদাগৰৰ কথা ভাবিব কিয়,
নিজৰ কথাও আছে ভাবিবলে ।
নিজৰ কথাৰ পুখুৰীতে সাঁতোৰাই ভাল,
সদাগৰৰ ৰছী বগোৱাতকৈ।
লাগী এলাগীৰ কথাও নাই ।
কোন লাগী, কোন এলাগী
সিদ্ধান্ত দিবলৈ সদাগৰ কোন ?
নিজৰ জগতত সকলো লাগী ।
এই কথা সদাগৰৰ মগজে ধৰিলেহে ।
চিলনীৰ জীয়েকে
ৰʼদ লৈ তাকেই ভাবে ।
(2)
চিলনীৰ জীয়েকে দাপোনত মুখ চায়,
নিজকে সজাই,
নিজে ভাল পাবলৈ ।
চিলনী আয়ে কয়,
চিকুন কৈ থাকিবি,
সদাগৰে ভাল পাব ।
চিলনীৰ জীয়েকেহে জানে,
লোকৰ কাৰণে সাজোতে ভাগৰ ধৰে কিমান !
কিনো দৰকাৰ ইমান কৰিবলৈ ?
মন গʼলে চিলনীৰ জীয়েক
চুলি মেলি যখিনী হৈ থাকিব,
আৰু মন গ'লে চিকুন হৈ
নিজকে সজাব ।
কেৱল নিজৰ কাৰণে ।
সদাগৰ নো কি?
আজি আছে কাইলৈ নাই ।
কিন্তু চিলনীৰ জীয়েক
নিজেই নিজৰ হৈ সদায় থাকিব ।
চিলনীৰ জীয়েকে ভাবে,
সদাগৰৰ হাউলিতকৈ,
গছৰ তলেই ভাল ।
যত উশাহ আছিল, বতাহ আছিল ।
যখিনী ছোৱালী সখী আছিল ।
মানুহৰ হাবিত
কেৱল ভেকেটা ভেকেট গোন্ধ,
নিয়মৰ নামত অনিয়মৰ ।
চিলনী আইৰ হাবিৰ গোন্ধই ভাল,
কেতিয়াবা ফুৰফুৰীয়া, কেতিয়াবা সেমেকা ।
আৰু বতাহবোৰ ?
নিয়ম নোহোৱা খেলিমেলি,
অথচ মুক্ত ।
এটা উশাহৰ দৰে ।
চিলনীৰ জীয়েকে কেতিয়াবা ভাবে,
হাবিখনেই ভাল
মতা মানুহৰ নিয়মৰ উৰ্দ্ধত,
কেৱল মুক্ত ।
কেৱল জীয়ন ।
(3)
চিলনীৰ জীয়েকে আজিকালি
চুলি কোচা মেলি, তেল এবাটি লৈ
ৰʼদত বহি থাকে ।
মানুহ মখাই দাঁত নিকটাই হাঁহে ।
কয়,
তাই হেনো পাগলী হ'ল ।
মাজে মাজে চিলনীৰ জীয়েকে
বিৰবিৰাই,
আগলতি কলপাত লৰে কি চৰে,
চিলনী আই মোৰ আগতে পৰে।
পিছে আগলতি কলপাত
লৰিবলে,
পঠালি চকুৱা নৰ মনিছে
কল জোপাও ঘাপ মাৰি কাটিলে ।
কুন্ধচ মানহে চাত মাৰি
তাইৰ আয়েকক মৰাৰ দিনাই ।
চিলনীৰ জীয়েকেহে জানে,
ৰ'দ জলমলোৱা, পানী সৰকা
গছ জোপাই ঘৰ আছিল ।
যত আয়েকৰ মৰম আছিল ।
নিজাকৈ এখন ঘৰ !
তথাপিও নহ'ল ।
ছোৱালীৰ জানো নিজা ঘৰ থাকে ?
তেতিয়া চিলনী আইৰ ঘৰ,
এতিয়া সদাগৰৰ ঘৰ ।
তথাপি চিলনী আইৰ ঘৰ
ঘৰ আছিল ।
তাই মানি লোৱা ঘৰ।
শেলুৱৈ ধৰা সময়ত
খোপনি পুতিবলৈও এখন ঘৰ লাগে,
চিলনীৰ জীয়েকৰ তাকো নাই ।
তাই ভাবে,
চিলনী আইৰ আছিল কি,
মানুহৰ পোৱালি নিজৰ কৰি লবলে ।
মানুহৰ নাই কি
মানুহক মানুহ কৰি লবলে ?
চিলনীৰ জীয়েকে কেৱল ভাবে ।
তেল এবাতি আৰু এমূৰ চুলি লৈ,
তাই কেৱল বহে ।
আয়েকৰ ঘৰখনলৈ ধিয়াই
তাই কেৱল ভাবে ।
নিজাকৈ এখন ঘৰ তথাপিও নহ'ল ।