দম লাগিব ভাই দম !
দম লাগিব ভাই দম ! চৰকাৰ বাহাদুৰেও বিৰোধিতা কৰা প্ৰেম কৰিবলৈ দম লাগিব। ...... (পুৰুষতান্ত্ৰিক মানসিকতাৰ প্ৰত্যেকজন ব্যক্তিলৈ মোৰ বুঢ়া আঙুলি। দম নাইকীয়া বোৰলৈ ।)
দম লাগিব ভাই
দম !
চৰকাৰ বাহাদুৰেও বিৰোধিতা কৰা
প্ৰেম কৰিবলৈ দম লাগিব।
দম লাগিব ভাই,
দম !
সমাজ ৰখীয়া হায়েনাৰ দলটোৱে
হিছ হিছাই খেদি আহি
হাটোৰা মাৰিবলৈ ৰৈ থকা দেখিও
প্ৰেম কৰিবলৈ দম লাগিব ।
দুই প্ৰেমাস্পদৰ শৰীৰৰ সংজ্ঞা বিচাৰি
কাপোৰৰ তলত কি আছে বুলি
কাপোৰ নেফা নেফ কৰিবলৈ ৰৈ থকা
ৰাং কুকুৰৰ দলৰ আগতেই
প্ৰেমাস্পদৰ হাত ধৰিবলৈ
দম লাগিব ।
এই জীৱন জীয়াবলৈ
দম লাগিব।
তোমাৰ সেই দম নাই ।
তোমাৰ ভয়
ঘৰ হেৰুওৱাৰ,
তোমাৰ ভয়
সমাজ হেৰুওৱাৰ,
তোমাৰ ভয়
সম্পত্তি হেৰুওৱাৰ,
তোমাৰ ভয়
প্ৰতিপত্তি হেৰুওৱাৰ।
দম আছে যদি চৰকাৰ বাহাদুৰে বিৰোধিতা কৰা প্ৰেম কৰি দেখুওৱা।
দম আছে যদি মা দেউতাই তই মৰি গলি বুলি কোৱাৰ পাছটো প্ৰেম কৰি দেখুওৱা।
দম আছে যদি
ৰাস্তাত পালে লেংটা কৰি মাৰিম বুলি কোৱা ৰাং কুকুৰৰ দলৰ আগত প্ৰেম কৰি দেখুওৱা ।
দম আছে যদি,
নিষিদ্ধ চুমা এটা খায় দেখুওৱা।
দম আছে যদি,
প্ৰেমৰ হাতখন ধৰি দেখুওৱা ।
তোমাৰ দম নাই ।
মোক ৰখোৱাৰ তোমাৰ দম নাই ।
তোমাৰ দম নাই,
প্ৰেমাস্পদৰ মন ধৰি ৰাখিব পৰাকৈ ।
তোমাৰ দম নাই,
মোক মনু সংহিতাৰ পাঠ পঢ়াবলৈ ।
তোমাৰ দম নাই ।
মোক নিষিদ্ধ ঘোষণা কৰিবলৈ।
তোমাৰ দম নাই।
দম থাকিবলৈও
অলপ দম লাগিব।
তোমাৰ সেইকনো নাই ।
(Illustration is representative and taken from an open source on Pinterest)