ভূতে পোৱা মানুহ
আখৰাৰ পৰা উভটি আহোঁতে সেইদিনা সিহঁত দুটা হাবিডৰাৰ মাজতে অলপ ৰৈছিল । ........
আখৰাৰ পৰা উভটি আহোঁতে
সেইদিনা সিহঁত দুটা হাবিডৰাৰ মাজতে অলপ ৰৈছিল ।
অহা পূৰ্ণিমাত ভাওনা ।
ডাৱৰে ঢকা আকাশৰ তলত সি তাৰ বনৰীয়া লতাডাল চুই চাব বিচাৰিছিল ।
গেজেপনিডৰা হঠাৎ টৰ্চৰ পোহৰে চাতি ধৰিছিল।
তাৰ বনৰীয়া লতাডালে হাতৰ জোঁৰডাল পেলাই দুপদুপাই দৌৰিছিল ।
কোনোবাই কৈছিল ৰাতি বিয়লিৰ কথা ,
টৰ্চটো থাকিলেও হাতত জোঁৰ এডাল লৈ যাবি,
ভূত পিশাচ দূৰত থাকিব ।
ৰজাৰ ভাও লোৱা দাইৰ হাতৰ মুঠি বিৰাট টান আছিল ।
বিহলঙনীডৰাতে জোঁৰডাল লাং খাই পৰিছিল ।
কঁকালৰ বিষত বিহলঙনী ডৰাই কেইবাদিনলৈকে
পিঠি পোনাব পৰা নাছিল ।
সেইদিনা যখিনীজনীয়ে জাতি বাঁহজোপাৰ ওপৰলৈ কোত কোতাই উঠি গৈছিল,
তাই মাথো ট্ ট্ কৈ মানুহৰ কাৰবাৰ চাইছিল,
বিহলঙনীডৰাৰ অৱস্থা দেখি তাই হাইৰাণ হৈছিল ।
পুৰণ বেজে বিহলঙনী লৈয়ে ভূত খেদে,
কিন্তু সেইদিনা বিহলঙনীডৰাক কোনেও বচাব পৰা নাছিল ।
পাছদিনা ফুটকলাডৰা যখিনীৰ থুইৰে ভৰি আছিল ।
মানুহৰ কাণ্ডত যখিনীয়ে থুৱাইছিল নে কান্দিছিল
আজিকোপতি গম পোৱা নগ'ল ।
সেইদিনা সি যখিনীজনীক তাৰ মনটোৰ এফাল দি থৈ আহিছিল ।
যখিনীজনীয়ে জাতি বাঁহ জোপাত বহি এতিয়াও সেইয়াই ৰখি আছে ।
কিজানি সি উভটি আহে ।
জোঁৰডাল লৈ
সি পিছে পিছে গৈ আছিল,
মাছৰ উজান উঠাৰ সময়ৰ কথা ।
পঁচাডাল লৈ আগে আগে দদাই ।
চপ্ চপাই দʼতে সেইদিনা মাছ খাই আছিল ।
পঁচাডাল সেইদিনা মাছৰ গাত সোমোৱা নাছিল ।
সি ধৰিবই নোৱাৰিলে,
পানী খিনি দʼতে খাই পেলাই দিয়া মাছৰ মূৰৰ তেজেৰে ৰঙা হ'ল নে আন কিহবাৰে ।
চপ্ চপা্ই মাছ খাই থকা দʼতটোৱে লৰ ধৰিছিল
মানুহৰ কাণ্ড দেখি ।
দʼতটোক সি সেইদিনা তাৰ মনৰ আৰু এফাল দি পঠাইছিল ।
দʼতৰ জোলোঙাত তাৰ মনৰ এটুকুৰা এতিয়াও আছে ।
কিজানি এদিন সি উভতাই খোজে !
কানিমুনি গধূলি পিত্ পিতাই নুফুৰিবি বুলি আইতাই সদায় কয় ।
বুঢ়া ডাঙৰীয়াৰ ৰাস্তাত আহিলে দোষে ধৰিব ।
কজলা দামুৰীজনী সেইদিনা গেজেপনিডৰাৰ পৰা ওলাব নোৱাৰি বেবাই আছিল ।
সিনো নোযোৱাকৈ কেনেকৈ থাকে !
বেতৰ কাঁইটে সেইদিনা তাক বাৰুকৈ বিন্ধিছিল ।
তেজবোৰ কেনি বৈছিল
সি আজিও নাজানিলে ।
কণামুনাকৈ সি শুধ বগা কাপোৰত গহীনাই
বেতনিডৰাৰ কাষেদি নামঘৰৰ ফালে
বুঢ়া ডাঙৰীয়াক গুচি যোৱা দেখিছিল ।
যাওঁতে বুঢ়া ডাঙৰীয়াক সি কলিজাৰ বাকী থকাকণ দি পঠাইছিল ।
তাৰ পাছৰ পৰা,
সি জলকা লাগিছিল ।
তাৰ কেৱল ভয় লগা হৈছিল ।
ভূত পিশাচলৈ নহয়,
মানুহলৈ।
মানুহে কৈছিল,
এইটোৰ গাত ভূত লাগিলে ।
তিনিমুৰীয়া হৈ কেৱল সি বহিছিল ।
কলিজাখনেই যদি নোহোৱা হ'ল,
বাকী থাকিল কি ?
তাৰ কলিজাৰ টুকুৰাকেইটাই
এতিয়াও বাট চাই থাকে,
কিজানি সি উভতি আহে ।
(Illustration is representative and taken from an open source on Pinterest)